ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ৮৮ টা গোচৰ ৰুজু, ৭০ জন লোকক আটক

বাংলাদেশত যোৱা ৫ আগষ্টৰ পৰা ২২ অক্টোবৰৰ ভিতৰত ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ৮৮ টা গোচৰ ৰুজু কৰা হৈছে আৰু এই সন্দৰ্ভত ৭০ জন লোকক আটক কৰা হৈছে। দেশখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছৰ প্ৰেছ সচিব ছফিকুল আলমে কালি ঢাকাত এই কথা সদৰি কৰে। ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্ৰীৰ ঢাকা ভ্ৰমণৰ ঠিক পাছতেই কালি বাংলাদেশ চৰকাৰে এই তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ প্ৰেছ সচিবগৰাকীয়ে কয়, যে চুনামগঞ্জ, নৰসিংদি, চট্টগ্ৰাম আৰু ঢাকাত সংঘটিত সংখ্যালঘু নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত এই লোককেইজনক আটক কৰা হৈছে। ইয়াৰ পৰৱৰ্তী সময়তো নিৰাপত্তা বাহিনীসমূহে এনে ঘটনাৰ বিৰুদ্ধে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ২২ অক্টোবৰৰ পাছতো কিছুসংখ্যক অপৰাধীক আটক কৰা হৈছে। তেওঁ কয়, যে হিংসাত্মক কার্যকলাপ আৰু জঘন্য অপৰাধত লিপ্ত থকাসকলক আইনৰ গণ্ডীৰ মাজলৈ অনা হ’বই। এই ব্যৱস্থাত কোনো ৰাজনৈতিক হস্তক্ষেপ নচলে বুলি আলমে দাবী কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।