ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 6, 2025 5:31 PM | Bangabandhu Memorial

printer

বাংলাদেশত একাংশ প্ৰতিবাদকাৰীৰ হাতত বংগবন্ধু স্মাৰক সংগ্ৰহালয় ধ্বংস

বাংলাদেশৰ ৰাজধানী ঢাকাত কালি নিশা একাংশ প্রতিবাদকাৰীয়ে আৰক্ষীৰ উপস্থিতিত বুলড’জাৰৰ সহায়ত বংগবন্ধু স্মাৰক সংগ্ৰহালয় ভাঙি পেলায়। বাংলাদেশৰ জনক তথা দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ এই বাসভৱনটোক পৰৱৰ্তীকালত সংগ্ৰহালয়ৰূপে চিহ্নিত কৰা হৈছিল। প্ৰতিবাদকাৰীসকলে কালি নিশা প্ৰায় চাৰে ৮ বজাত সংগ্ৰহালয়টো লণ্ডভণ্ড কৰে আৰু ইয়াৰ সামগ্ৰীসমূহ ধ্বংস কৰাৰ পাছত জুই লগাই দিয়ে। এই ধ্বংসকার্য নিশা প্রায় ১১ বজালৈ অব্যাহত থকাৰ পাছত প্ৰতিবাদকাৰীসকলে এখন এক্সকেভেটৰ জৰিয়তে সংগ্ৰহালয়টো সমুলঞ্চে ধ্বংস কৰাৰ চেষ্টা চলায়। ১৯৭৫ চনৰ ১৫ আগষ্টত দেশখনত সামৰিক বাহিনীৰ একাংশই চলোৱা সামৰিক অভুত্থানৰ সময়ত তেতিয়াৰ দেশখনৰ ৰাষ্ট্ৰপতি শেখ মুজিবুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ প্ৰায়সকল সদস্য ধানমণ্ডিৰ এই বাসভৱনতে আততায়ীৰ গুলীৰ আঘাতত নিহত হৈছিল। বাংলাদেশৰ সংবাদপত্রসমূহে প্ৰকাশ কৰা অনুসৰি সামাজিক মাধ্যমত ধানমণ্ডি থার্টিটুলৈ বুলড’জাৰ সমদল শীৰ্ষক এটা কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে এই ধ্বংসকার্যত সমবেত হ’বলৈ অন্যান্য সকলক আহ্বান জনাইছিল। প্রশাসনে এই ধ্বংসকাৰ্য ৰোধ কৰিবলৈ পাৰ্যমানে চেষ্টা চলাইছিল বুলি দাবী কৰে, যদিও প্রত্যক্ষদৰ্শীয়ে সংগ্ৰহালয়ৰ দিশে যোৱা সমদলক বাধা দিবলৈ কোনো বিশেষ চেষ্টা কৰা নাছিল বুলি উল্লেখ কৰে। ইফালে শ্বেইখ হাছিনাৰ প্ৰয়াত স্বামী ড০ এম এ ৱাজেদৰ ঢাকাত থকা বাসগৃহতো অগ্নিসংযোগ কৰে। আমাৰ ঢাকাৰ সংবাদদাতাই জনোৱা মতে ,
প্ৰতিবাদকাৰীয়ে যোৱা নিশা দেশখনৰ ৰাজশ্বাহী, ছিলেট, কুষ্টিয়া আদি ঠাইত থকা আৱামী লীগৰ ভালেসংখ্যক নেতাৰ বাসগৃহতো আক্রমণ চলাই ধ্বংস কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।