বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পই ৰাজ্যৰ ৫০ হাজাৰ বাঁহ খেতিয়কৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৪ ছেপ্তেম্বৰত উদ্বোধন কৰা নুমলীগড় শোধনাগাৰৰ বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ বাবে ইতিমধ্যে এক কোটি টকা মূল্যৰ বাঁহ শোধনাগাৰ কৰ্তৃপক্ষই ক্ৰয় কৰিছে। এই প্ৰকল্পৰ বাবে বাঁহৰ এটা অবিৰত যোগান শৃংখলা গঢ়ি তুলিবলৈ এন আৰ এল কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা লৈছে। শোধনাগাৰটোৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে সংবাদমাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৫ হাজাৰ কোটি টকাৰে স্থাপন কৰা বিশ্বৰ প্ৰথম হিচাপে পৰিগণিত এই বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পই ৰাজ্যৰ ৫০ হাজাৰ বাঁহ খেতিয়কৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।