বলিভিয়াৰ ঘাইপথত কালি সংঘটিত এটা বাছ দুৰ্ঘটনাত দুটি শিশুকে ধৰি ৩৭ জন লোকৰ মৃত্যু হয়। অৰুৰো মহানগৰ অভিমুখী এখন যাত্রীবাহী বাছে বিপৰীত দিশৰ পৰা অহা আন এখন যাত্রীবাহী বাছত খুন্দা মৰাৰ ফলত এই শোকাবহ দুর্ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে দেশখনৰ পাহাৰীয়া পথসমূহ অতি বিপদসংকুল। চৰকাৰী তথ্য অনুসৰি দেশখনত প্ৰতিবছৰে গঢ়ে ১৪০০ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়।
Site Admin | March 2, 2025 11:54 AM | Balivia Road Accident
বলিভিয়াৰ ঘাইপথত সংঘটিত বাছ দুৰ্ঘটনাত দুটি শিশুকে ধৰি ৩৭ জন লোকৰ মৃত্যু