বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে গোলাঘাট জিলাৰ বন সংমণ্ডলৰ ব্যতিক্ৰমী প্ৰচেষ্টা

গোলাঘাট জিলাৰ বন সংমণ্ডলে বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক সহজে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে ৷ ইয়াৰ অংশ হিচাপে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মুকলি আবেদন গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলা বন বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া আৰু ৰাজহ চক্ৰ বিষয়া ৰনন্ময় ভদ্বাজে জিলাখনৰ ভিতৰত বন্যপ্ৰাণীৰ পৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা মৰঙী মৌজাৰ বকিয়াল বন খণ্ড কাৰ্যালয়ত নিজে উপস্থিত থাকি পীড়িতসকলৰ পৰা আবেদন গ্ৰহণ কৰিছে। ইপিনে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত হাতী-মানুহৰ সংঘাতৰ ফলত এজন লোক নিহত হৈছে। কুঁহিয়াৰ খেতিত কাম কৰি থকা অৱস্থাত এটা বনৰীয়া হাতীৰ আক্ৰমণত লোকজন নিহত হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো হাতী-মানুহৰ সংঘাতে গুৰুতৰ ৰূপ লৈছে। খেতিপথাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ উপদ্ৰৱ প্ৰতিহত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে বন বিভাগক দাবী জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।