ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 7, 2025 7:44 PM | Vande Mataram

printer

বন্দে মাতৰমৰ ১৫০ সংখ্যক বর্ষপূর্তি ৰাজ্যৰ সকলো জিলা আৰু সম-জিলাত উদযাপন

দেশভক্তি আৰু আধ্যাত্মিকতাৰ ভাবেৰে পৰাধীন ভাৰতক উদ্বুদ্ধ কৰা বংকিমচন্দ্ৰৰ অমৰ সৃষ্টি বন্দে মাতৰমৰ ১৫০ সংখ্যক বর্ষপূর্তি দেশৰ অন্য ঠাইৰ দৰে আজি অসমতো সকলো জিলা আৰু সম-জিলাত উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে জনতাভৱনত আজি আয়োজিত ৰাজ্যিক পৰ্যায়ৰ মূল অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে এই গীতটি পৰিৱেশন কৰে।
এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ এই দিনটো আমাৰ বাবে গৌৰৱৰ আৰু কৃতজ্ঞতাৰ দিন । তেওঁ লগতে কয়, যে বন্দে মাতম মাথো এটা গীত নহয়, ই হৈছে এক ঐশ্বৰিক আহ্বান, যি এসময়ত এটা শুই থকা জাতিক জগাই তুলিছিল। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বন্দে মাতৰম গীতটো সম্পূৰ্ণ কথাংশক মূলৰূপত পৰিৱেশনৰ বাবে প্ৰচেষ্টা গ্রহণ কৰিবলৈ আহ্বান জনায় ৷ প্রসংগ ক্রমে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰতৰ বাবে নিৰ্ধাৰণ কৰা অগ্ৰাধিকাৰৰ প্ৰায়বোৰ ক্ষেত্ৰত শেহতীয়াকৈ অসমে যথেষ্ট অগ্রগতি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰে।
অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি, গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত আজি শিক্ষার্থীসকলে সমূহীয়াকৈ বন্দে মাতৰম পৰিৱেশন কৰে। চিৰাঙৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বন্দে মাতৰম পৰিৱেশন কৰে। মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰী কৃষ্ণেন্দু পালৰ উপস্থিতিত শ্রীভূমি জিলাত দেশৰ ৰাষ্ট্ৰীয় গীতটো পৰিৱেশন কৰা হয়।
দেশৰ অন্য প্ৰান্তৰ দৰে বৰপেটা জিলাতো ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত চৰকাৰী কৰ্মচাৰীসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ লোকসকলে সমূহীয়াকৈ ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰে। শিলচৰত জিলা বিজেপিৰ উদ্যোগত ইটাখনাৰ পৰা বিজেপি কাৰ্যালয়লৈ পদ যাত্ৰা উলিওৱা হয়। চৰাইদেউ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, তামুলপুৰ, নলবাৰী জিলাতো ৰাষ্ট্ৰীয় গীতটোৰ ডেৰশ বছৰীয়া বর্ষপূর্তি উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়।