দেশপ্রেম, ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি বন্দে মাতৰম গীতৰ ডেৰশ বছৰীয়া বাৰ্ষিকী সন্দৰ্ভত আলোচনাৰ পাতনি মেলি শ্ৰীশ্বাহে কয়, যে এই অমৰ সৃষ্টিৰাজিয়ে দেশমাতৃৰ প্ৰতি কৰ্তব্য আৰু উৎসৰ্গাৰ মনোভাৱ যোগাই তোলে। বন্দে মাতৰমৰ আৱশ্যকতা স্বাধীনতা সংগ্ৰামৰ সময়তো আছিল আৰু আজিও আছে আৰু ২০৪৭ চনত ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ সময়তো ইয়াৰ প্ৰাসংগিকতা অক্ষুন্ন থাকিব বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। শ্ৰীশ্বাহে কয়, যে স্বাধীনতা সংগ্রামীসকলে বন্দে মাতৰম গীতটি গাই প্ৰতিখন সভা আৰম্ভ কৰিছিল আৰু আজি বীৰ সৈনিকসকলে সীমান্তত চৰম বলিদান দিলে এই গীত পৰিবেশন কৰা হয়। তেওঁ কয় যে বংকিম চন্দ্ৰ চট্টোপধ্যায়ে বন্দে মাতৰমৰ মাধ্যমেৰে দেশমাতৃক পূজা কৰাৰ সংস্কৃতি, পৰম্পৰা আৰু সাংস্কৃতিক জাতীয়তাবাদ প্রতিষ্ঠা কৰিছিল। তেওঁ কয় যে সকলো বাধা, নিৰ্যাতন আৰু অনেক জটিলতা নেওচি বন্দে মাতৰম গীতটি দেশবাসীৰ হৃদয় স্পৰ্শ কৰে আৰু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ বিয়পি পৰে। দেশৰ সংস্কৃতিক দুৰ্বল কৰি তোলা কেইবাশতিকাজোৰা ইছলামিক আক্ৰমণৰ পৃষ্ঠভূমিত ব্ৰিটিছসকলৰ নতুন সভ্যতা -সংস্কৃতি জাপি দিয়াৰ প্ৰচেষ্টাৰ প্ৰতিক্ৰিয়া স্বৰূপে বন্দে মাতৰম গীতৰ সৃষ্টি হৈছিল বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয, যে সংসদৰ উভয সদনত বন্দে মাতৰম সন্দৰ্ভত হোৱা আলোচনাই ভৱিষ্যত প্ৰজন্মক ইয়াৰ বাস্তৱিক গুৰুত্ব আৰু গৌৰৱ অনুধাৱন কৰাত সহায় কৰিব।
আলোচনাত অংশ গ্ৰহণ কৰি ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গে কয় যে কংগ্ৰেছে স্বাধীনতা সংগ্ৰামৰ সময়ত বন্দে মাতৰমৰ ধবনি দিছিল। তেওঁ কয় যে ১৯২১ চনত মহাত্মা গান্ধীয়ে অসহযোগিতা আন্দোলন আৰম্ভ কৰাৰ সময়ত কংগ্ৰেছৰ লাখ লাখ স্বাধীনতা সংগ্রামীয়ে বন্দে মাতৰম ধবনি দি কাৰাগাৰলৈ গৈছিল। গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে ১৮৯৬ চনত কলকাতাৰ কংগ্ৰেছ অধিবেশনত প্ৰথমবাৰৰ বাবে এই গীত গাইছিল বুলি তেওঁ জানিবলৈ দিয়ে।