ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 29, 2025 8:26 PM | Indian Railway

printer

বদৰপুৰ-লামডিং ৰে’লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে’ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ

উত্তৰ-পূব সীমান্ত ৰে’লৱেই আজি বদৰপুৰ-লামডিং ৰে’লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে’ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ কৰিছে। আজি দিনত শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লগাড়ীখন এই ৰে’লপথেৰে সুকলমে যাত্ৰা কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে জাতিংগা-লামপুৰ অঞ্চলত ভূমিস্খলনৰ ফলত বদৰপুৰ-লামডিং ৰে’লপথেৰে যাত্ৰা ছদিন ব্যাহত হৈ আছিল। কালি পুৱা কলকাতাৰ পৰা ৰাওনা হোৱা শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপেছে আজি এই পাহাৰীয়া ৰে’লপথছোৱা অতিক্ৰম কৰে। যোৱা ২৩ জুনৰ পৰা ভূমিস্খলনৰ বাবে ডিমা হাছাও আৰু বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতেও ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈ আছিল। আজিৰ দিনটোত দুখন বা তিনিখন ৰে’ল চলাচল কৰাৰ পৰিৱৰ্তে অধিকাংশ ৰে’লৰ যাত্ৰা এতিয়াও সুৰক্ষাজনিত কাৰণত বাতিল কৰি ৰখা হৈছে। ৰে’লপথছোৱাৰ আংশিক পুনৰুদ্ধাৰৰ পাছত যাত্ৰীবাহী ৰে’লগাড়ী চলাচল কৰাৰ আগতে মালবাহী ৰে’ল চলাই ট্ৰেকৰ সবিশেষ পৰীক্ষা কৰা হয়। সোমবাৰৰ পৰা ৰে’লসেৱা সম্পূর্ণভাৱে আৰম্ভ কৰা হ’ব বুলি উত্তৰ- পূব সীমান্ত ৰে’লৱেই এটা বিবৃতিযোগে প্রকাশ কৰিছে।