ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

● ৰাজ্যৰ বিভিন্ন স্থানত কালি বিয়লিৰ পৰা গাজনি-ঢেৰেকনিৰ সৈতে অহা বৰষুণৰ ফলত বিভিন্ন স্থান জলমগ্ন হৈ পৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কালি সন্ধিয়াৰ পৰা হোৱা বৰষুণৰ ফলত বহু স্থান পানীত বুৰ যায়। নবীন নগৰ, অনিল নগৰ, ভাস্কৰ নগৰ, ৰুক্মিনীগাঁও আদি অঞ্চল আজি পুৱা পৰ্যন্ত কৃত্রিম বানত বুৰ গৈ থাকে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি অহা ২৬ এপ্ৰিললৈকে ৰাজ্যৰ ঠাই বিশেষে ধুমুহা-বৰষুণ হোৱাৰ সম্ভৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৩ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

অহা ২৪ ঘণ্টাত অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।