বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ সামান্য ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৪ ডিগ্ৰী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থকাৰ আৰু অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া কুঁৱলী পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।