● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩০ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৯ ডিগ্ৰী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।
এই সময়ছোৱাত অৰুণাচল প্ৰদেশ আৰু অসমৰ ঠাই বিশেষে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ বতৰ ফৰকাল হৈ থাকিব বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।