ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বঢ়মপুৰ সমষ্টিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঢ়মপুৰ সমষ্টিত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব৷ কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত দিনৰ ২ বজাত আয়োজিত ৰাজহুৱা সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্রী পীযূষ হাজৰিকা, সাংসদ কামাখ্যা প্ৰসাত তাছা আৰু বিধায়ক জিতু গোস্বামীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কপিলী নৈৰ ওপৰৰ পুৰণি দলঙত ৱাকিং জ’ন আৰু কামপুৰ ৰে’লৱে উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰিব। ইয়াৰ পাছত তেওঁ কামপুৰ, চামগুৰি, কচুৱা, খাটোৱাল আৰু যমুনামুখ আৰক্ষী চকীৰ বাবে নৱ আৱণ্টিত গৃহৰ আধাৰশিলা স্থাপন কৰিব। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত মুঠ ৮৩ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।