কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ তৃতীয় সমাৱৰ্তন অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই অংশগ্রহণ কৰে। ৰাজ্যপালগৰাকীয়ে এই অনুষ্ঠানত স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলক ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত ৩৫২৭ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ৫০ গৰাকী পি এইচ ডি আৰু ৩০ গৰাকী স্বর্ণ পদক লাভ কৰা ছাত্ৰ-ছাত্ৰী আছে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে প্ৰমাণপত্ৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি বিদ্যায়তনিক সীমাৰ উৰ্ধলৈ গৈ মনৰ দিগন্ত প্ৰসাৰ কৰাৰ বাবে শিক্ষা আহৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ নতুন শিক্ষানীতি অনুসৰি ভাৰতকেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ ৰূপায়ণৰ দ্বাৰা দেশক বহনক্ষম ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰ ঘটোৱাত বৰঙণি যোগাবলৈ আহ্বান জনায়। এই অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য, অধ্যাপক বাবুলাল আহুজাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | February 16, 2025 6:37 PM | Assam Governor at Bodoland University
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যৰ অংশগ্রহণ