বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কোকৰাঝাৰত প্ৰকাশ কৰিছে। কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰ বড়ো চুক্তিৰ সকলো দফা ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই চুক্তিৰ ৮২ শতাংশ দফা ইতিমধ্যে ৰূপায়ণ কৰা হৈছে বুলি তেওঁ সদৰি কৰে। চুক্তিৰ বাকী থকা দফাসমূহ অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। পূৰ্বে বড়োলেণ্ড হিংসাৰ বাবে জনাজাত আছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি এই অঞ্চলৰ যুৱ চামে উন্নয়নক অগ্ৰাধিকাৰ দিয়ে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিক্-দৰ্শনত এই অঞ্চলৰ যুৱ চাম মূলসুঁতিলৈ ঘূৰি অহা বুলি উল্লেখ কৰি তেওঁ বি টি আৰত সম্প্ৰতি শান্তি বিৰাজ কৰা বুলিও মন্তব্য কৰে। নতুন দিল্লীত শীঘ্ৰেই উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এটা পথৰ নামকৰণ কৰা হ’ব বুলিও শ্ৰীশ্বাহে সদৰি কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ মূল্যবোধৰ দৰ্শন সকলোৰে বাবে পথ প্ৰদৰ্শক স্বৰূপ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বি টি আৰ অঞ্চলৰ শৈক্ষিক আন্তঃগাঁথনি ত্বৰান্বিত কৰাৰ বাবে কেইবাটাও প্ৰকল্পৰ বিষয়ে ঘোষণা কৰে। ড০ শৰ্মাই কোকৰাঝাৰ, গেলেপু, গুৱাহাটী ৰেলপথ, বডোফাৰ সমাধি ক্ষেত্ৰৰ সংবৰ্দ্ধন তথা পহিলা মে’ত ৰাজ্যজুৰি বডোফাৰ স্মৃতিতর্পন, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উন্নীতকৰণ, কোকৰাঝাৰ বিশ্ববিদ্যালয়ক পূর্ণাংগ বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ, ওদালগুৰিত এখন নতুন মহাবিদ্যালয় স্থাপন, বড়োলেণ্ডত স্নাতক পর্যায়লৈ বড়ো ভাষা শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ, ৩৫খন উচ্চ মাধ্যমিক বিদ্যালয়ক আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ, অঞ্চলটোত ১২০০ মেগাৱাট বিদ্যুৎ উৎপাদন কেন্দ্ৰ স্থাপনকে ধৰি কেইবাটাও পৰিকল্পনাৰ বিষয়ে সদৰি কৰে।