ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বড়োভূমিৰ সপোন পূৰণৰ দিশেৰে প্ৰতিগৰাকী নেতাই উৎসৰ্গিত মনোভাবেৰে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াই যাব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ

বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰে। ৰাজ্যৰ মুখ্যসচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বিটিচিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায় ৷ কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগু, ইউ পি পি এলৰ নেতা তথা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেন্স ইছলাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। শপতগ্রহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত ১০ গৰাকী পাৰিষদে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত লয় । ৰিহন দৈমাৰীয়ে উপ-মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীমহিলাৰীয়ে শপতগ্ৰহণৰ পাছত অনুষ্ঠানত ভাষণ দি বড়োলেণ্ডৰ সৰ্বাংগীন বিকাশ আৰু জনসাধাৰণৰ কল্যানৰ বাবে তেওঁ সদায় কাম কৰি যাব বুলি উল্লেখ কৰে। তেওঁ এইক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতা কামনা কৰে।

অনুষ্ঠানত অংশলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য কাৰ্যবাহী সহস্য হিচাপে শপতগ্ৰহণ কৰা হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ নেতৃত্বৰ কাৰ্যবাহী সদস্যসকললৈ অভিনন্দন জনায়। ড° শৰ্মাই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ উজ্জীৱিত বড়োভূমিৰ সপোন পূৰণৰ দিশেৰে প্ৰতিগৰাকী নেতাই উৎসৰ্গিত মনোভাবেৰে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে অসম চৰকাৰে এই ক্ষেত্ৰত নতুন বিটিচি চৰকাৰক সকলো ধৰণৰ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে। ড° শৰ্মাই বিটিআৰক জাতি উপজাতিৰ মিলনভূমি বুলি উল্লেখ কৰি এই লোকসকলৰ মাজত সমন্বয় বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।