বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহ

দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি কিছুসময়ৰ পূৰ্বে বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰে। বটদ্ৰৱা প্রকল্পস্থলীত উপস্থিত হোৱাৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে আয়তীসকলক দিহা নাম পৰিৱেশনেৰে আদৰণি জনায়। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই পৱিত্ৰ গুৰু আসনৰ প্ৰতিকৃতি, মুখা শিল্পৰ চানেকি আৰু পাটৰ গামোচাৰে আদৰণি জনায়। শ্ৰী শ্বাহে বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কার্যসূচীত অংশ লৈছে। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱাত ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্রকল্প উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। শ্ৰীশ্বাহে আজি বৰদোৱাত এটা ৰাজহুৱা সমদলতো অংশলোৱাৰ কথা।
উল্লেখযোগ্য যে ২২২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পত গুৰু আসন ভৱন, মণিকাঞ্চন নামঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, কলা কেন্দ্ৰ, নাটঘৰ, দহটা জনগোষ্ঠীয় কুটিকে ধৰি বিভিন্ন ব্যৱস্থা থাকিব।
গৃহমন্ত্ৰীগৰাকীয়ে আন্তঃগাঁথনি উন্নয়নৰে ৰাজ্যৰ আইন-শৃংখলা ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্যৰে গুৱাহাটীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰিব। ১১১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱনত ৪০০ গৰাকী বিষয়াৰ বাবে সু-ব্যৱস্থা থকাৰ উপৰি আৰক্ষীৰ সকলো শাখা সংযুক্ত কার্যালয়, একত্রিত প্রমাণীকৰণ শাখা আদি থাকিব। শ্রী শ্বাহে খানাপাৰাত নৱ-নিৰ্মিত ৫ হাজাৰ আসনযুক্ত জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ উদ্বোধন কৰিব। ৪৫ বিঘা এলেকাজুৰি ২৯১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যধুনিক দৃশ্য-শ্ৰাৱ্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি বহুবোৰ উন্নত মানৰ ব্যৱস্থা থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে এই প্রেক্ষাগৃহতে জন্মগতভাৱে থকা হৃদৰোগৰ পৰা সুস্থ হোৱা এহেজাৰ শিশুৰ অভিবাদন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল’ব। শ্ৰীশ্বাহে বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাব।