January 2, 2026 8:59 PM | bajali ranjeet das

printer

বজালী জিলা যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অংশগ্ৰহণ

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালী জিলা যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰাৰ লগতে পাঠশালাৰ কৃষ্ণনগৰত সন্থাৰ এটা কাৰ্য্যালয় উদ্বোধন কৰি নিজৰ সাংবাদিকতা জীৱনৰ স্মৃতিচাৰণ কৰে। তেওঁ যুৱ সাংবাদিকসকলক সংবাদ সেৱাৰ ক্ষেত্ৰত সাংবাদিকতাৰ নীতি-আদৰ্শ মানি চলিবলৈ আহ্বান জনায়। এই সভাতেই সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা ৩ গৰাকী ব্যক্তিক সংবাদ সান্নিধ্য বঁটা-২০২৫ আগবঢ়োৱা হয়। এইসকল হৈছে সু-চিকিৎসক ডাঃ চম্পক চৌধুৰী, সাংবাদিক আফতাব হুছেইন আৰু সমাজকৰ্মী নিপামণি কলিতা। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাংবাদিক ড০ কৰুণা মোহন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ ধনপতি ডেকা, আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্রিনয়ন ভূঞা আদিকে ধৰি ভালেসংখ্যক সাংবাদিক উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।