বজালী জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি অনুষ্ঠান ৩ দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আয়োজন কৰা হৈছে। আজি প্ৰথম দিনা কার্যসূচীত ৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল ভৱন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসো উপস্থিত থাকে। ১৯২৬ চনত স্থাপন কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ১০০ বছৰীয়া গৌৰবোজ্জল শৈক্ষিক যাত্ৰাত ভালেসংখ্যক মেধাবী ছাত্ৰ-ছাত্ৰী আৰু মানৱ সম্পদৰ সৃষ্টি কৰিছে। শতবার্ষিকী উপলক্ষে আজি পুৱা ১০০ খন পতাকা উত্তোলন কৰা হয়। শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্র তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ ছহিদ মদন বর্মন আৰু অসম তথা বজালীৰ ৰত্ন, শিক্ষাবিদ প্রয়াত কামেশ্বৰ দাসৰ আৱক্ষ মূৰ্তি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উন্মোচন কৰে। অনুষ্ঠানত এশ গৰাকী নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰে। শতবর্ষ উদযাপন উপলক্ষে গ্রন্থমেলা, প্ৰদৰ্শনী আদিৰো আয়োজন কৰা হয়।
Site Admin | January 16, 2026 7:56 PM | Ranoj Pegu
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি