ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 23, 2024 8:02 PM | Ranjit Kumar Das

printer

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত হিতাধিকাৰীৰে মত-বিনিময় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে বাছনি হোৱা হিতাধিকাৰীসকলক ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত খাদ্য, ৰাজহুৱা বিতৰণ তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকি হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকক দিহা-পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে লগতে হিতাধিকাৰীসকলক একোজন সফল উদ্যোগী হ’বলৈ শুভেচ্ছা জ্ঞাপন কৰে। গোলঘাট জিলাতো নির্বাচিত তথা পঞ্জীকৃত প্রার্থীসকলক জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, কৃষি বিষয়া কাৰ্যালয়ৰ সভাকক্ষ, জিলা পশুপালন তথা পশু চিকিৎসা বিষয়া কার্যালয়, বোকাখাট মহকুমাৰ পশু চিকিৎসা বিজ্ঞান বিদ্যালয়ত প্ৰশিক্ষণ দিয়া হ’ব। এই উপলক্ষে ৰাজ্য চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্রী অতুল বৰাই বোকাখাট মহকুমাৰ পশু চিকিৎসা বিজ্ঞান বিদ্যালয়ত প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে। ইপিনে, খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শ‍ইকীয়াই জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সভাকক্ষত প্ৰশিক্ষণ শিবিৰ মুকলি কৰে। আজিৰে পৰা ২০ অক্টোবৰলৈকে চলিবলগীয়া এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ সৰ্বমুঠ এহেজাৰ প্ৰশিক্ষাৰ্থীক কৃষি, মীনপালন, পশুপালন, সেৱা তথা অনান্য খণ্ডত প্ৰশিক্ষণ দিয়া হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।