December 28, 2025 9:15 PM | Picnic Spot

printer

বছৰৰ শেষৰটো দেওবাৰত ৰাজ্যৰ বনভোজস্থলীসমূহত বনভোজ দলৰ সমাগম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। আজি বছৰটোৰ অন্তিমটো দেওবাৰ হোৱা হেতুকে ৰাজ্যৰ বিভিন্ন বনভোজস্থলী আৰু পৰ্যটনস্থানসমূহত আনন্দৰে দিনটো অতিবাহিত কৰিবলৈ বহুলোকে ভিৰ কৰে। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত জাৰকো নেওচি অগণন লোকে প্রাকৃতিক পৰিৱেশত একগোট হৈ বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ চূণশালী, বশিষ্ঠ, টেঘেৰীয়া, ৰাণী, দীপৰবিল, চন্দ্ৰপুৰ, হাতিশিলাৰ উপৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বহু লোক সমবেত হয়। মৰিগাঁৱৰ পবিতৰা, চনকা, নগাঁৱৰ আকাশীগংগা, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ লগতে দিচাংমুখতো আজি বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজ দলসমূহে নৈসর্গিক পৰিৱেশত দিনটো অতিবাহিত কৰে। একেদৰে নামেৰী, কাজিৰঙা, চানডুবি, ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন স্থানসমূহতো জনসাধাৰণে ভিৰ কৰে । অৱশ্যে, বনভোজ দলসমূহ ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে মহানগৰীৰ উপকণ্ঠ অঞ্চলৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ সময়ত ভীষণ যানজটৰ সৃষ্টি হয়। ইয়াৰ ফলত মহানগৰীৰ খানাপাৰাকে ধৰি বিভিন্ন অঞ্চলত বহু সময় ধৰি যানবাহনসমূহ আৱদ্ধ হৈ থাকিবলগীয়া হয়। অসম ৰাজ্যিক চিৰিয়াখানাতো আজি পুৱাৰে পৰা বহু লোকৰ সমাগম হয়।বছৰটোৰ অন্তিম দেওবাৰটো উদযাপনৰ বাবে গোৱালপাৰা জিলাৰ উপদ বিলৰ পাৰতো বনভোজ দল আৰু পর্যটকে ভিৰ কৰা পৰিলক্ষিত হয়। বিলখনলৈ বিদেশী পৰিভ্ৰমী চৰাইৰ আগমন ঘটাৰ লগে লগে পৰ্যটকৰ সংখ্যাও বৃদ্ধি হৈছে। বিলখনৰ নৈসর্গিক শোভা উপভোগ কৰি পৰ্যটকসকল আপ্লুত হয়। ইতিহাসপ্রসিদ্ধ শ্ৰীসূৰ্য পাহাৰতো আজি ভালেসংখ্যক বনভোজ দলৰ আগমন ঘটে। মানস ৰাষ্ট্ৰীয় উদ্যানতো আজি দেশী-বিদেশী পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।