ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বঙাইগাঁও জিলাৰ ৬৫ খন আঞ্চলিক পঞ্চায়ত আৰু ১২ খন জিলা পৰিষদত বিজেপি মিত্রজোঁটৰ গৰিষ্ঠ সংখ্যক আসন দখল

বঙাইগাঁও জিলাৰ মুঠ ৬৫ খন আঞ্চলিক পঞ্চায়ত আৰু ১২ খন জিলা পৰিষদত বিজেপি আৰু ইয়াৰ মিত্রজোঁটে গৰিষ্ঠ সংখ্যক আসন দখল কৰিছে। জিলা পৰিষদৰ ৪ খন আসনত বিজেপিয়ে আৰু ৪ খনত অগপই জয়লাভ কৰিছে। এখন আসন কংগ্ৰেছে দখল কৰাৰ বিপৰীতে ৩ খন আসনত নির্দলীয় প্রার্থীয়ে জয়লাভ কৰিছে। আঞ্চলিক পঞ্চায়তসমূহৰ ভিতৰত ১৯ খনত অগপ আৰু ১৫ খনত বিজেপিয়ে জয়লাভ কৰিছে। অন্য ১৫ খন আসনত কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে ৯ খনত নিৰ্দলীয় প্রার্থীয়ে বিজয় সাব্যস্ত কৰিছে। ৰাইজৰ দলে দুখন আসন নিজৰ হাতত ৰাখিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে ৫ খনত এ আই ইউ ডি এফে জয়লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।