ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 29, 2025 8:31 PM | Book Fair

printer

বঙাইগাঁও জিলাৰ গান্ধী ময়দানত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ সামৰণি

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত যোৱা ২২ অক্টোবৰৰ পৰা বঙাইগাঁও জিলাৰ গান্ধী ময়দানত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ আজি সামৰণি সভাত শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। ডাঃ পেগুৱে তেওঁৰ ভাষণত কয়, যে গ্রন্থ হৈছে জ্ঞান অৰ্জনৰ অন্যতম আধাৰ। পৃথিৱীৰ প্ৰতিটো সভ্যতা নিৰ্মাণ তথা জাতি গঠনত গ্ৰন্থৰ নিৰ্ণায়ক ভূমিকা সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ লগতে অসম গ্ৰন্থমেলা সফল কৰি তোলাৰ বাবে বঙাইগাঁওবাসীক ধন্যবাদ জনায়। অনুষ্ঠানত সাহিত্য একাডেমীৰ ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মা আৰু ইতিহাস গৱেষক ড° গজেন্দ্ৰ অধিকাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।