ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে পেৰিছত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সহ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্রিম বুদ্ধিমত্তাৰ ৰূপান্তৰকাৰী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি ইয়াক বৰ্তমানৰ শতিকাত মানৱ জাতিৰ বাবে কোড লিখাৰ নির্ণায়ক শক্তি বুলি অভিহিত কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ সৈতে পেৰিছত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত সহ অধ্যক্ষতা কৰি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে কৃত্রিম বুদ্ধিমত্তা পূৰ্বৰ প্ৰযুক্তিসমূহৰ লেখিয়া নহয় আৰু ইয়াৰ ক্ষেত্ৰত শাসনৰ বাবে গোলকীয় দায়িত্ব আৰু সৰ্বাত্মক দৃষ্টিভংগীৰ প্ৰয়োজন। শ্রীমোদীয়ে স্বাস্থ্য সেৱা, শিক্ষা আৰু কৃষি ক্ষেত্ৰত বিপ্লৱৰ সূচনাৰে স্থায়ী বিকাশৰ লক্ষ্যৰ যাত্ৰা অধিক দ্ৰুত আৰু প্ৰভাৱশালী কৰি কোটি কোটি লোকৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে। তেওঁ লগতে প্রযুক্তিসমূহৰ গণতন্ত্ৰকৰণ, জনসাধাৰণকেন্দ্ৰিক এপ্লিকেচনৰ বিকাশ আৰু সকলোৰে বাবে, বিশেষকৈ গ্লোৱেল ছাউথ হিচাপে পৰিচিত ঔদ্যোগিক দিশৰ পৰা কম উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ উপকাৰ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্রীয়ে কৃত্রিম বুদ্ধিমত্তাক আঁকোৱালি লোৱাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰণী ভূমিকাৰ ওপৰত আলোকপাত কৰাৰ লগতে দেশৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বিষয়ে আলোচনা কৰে। সৰ্বাত্মকতাৰ বিষয়ত আলোকপাত কৰি শ্ৰীমোদীয়ে জনসাধাৰণৰ কল্যাণৰ বাবে কৃত্রিম বুদ্ধিমত্তা বিকশাই তোলাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৱদ্ধতাৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতৰ বিশ্বৰ সবাতোকৈ বৃহৎ কৃত্রিম বুদ্ধিমত্তা প্রতিভা গোট আছে আৰু দেশে ভিন ভিন ভাষিক আৰু সাংস্কৃতিক আৱশ্যকতা অনুযায়ী বিশাল ভাষাৰ আৰ্হি বিকশাই তোলাৰ বাবে কাম কৰি আছে। শ্রীমোদীয়ে ভাষণৰ সামৰণিত কৃত্রিম বুদ্ধিমত্তাৰ ভৱিষ্যৎ চাবিকাঠী যন্ত্ৰ নহয়, মানুহহে বুলি মন্তব্য কৰে। তেওঁ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলক দায়িত্বশীলতাৰে কৃত্রিম বুদ্ধিমত্তাৰ বিকাশ প্ৰক্ৰিয়াক আগবঢ়াই নিবলৈ আহ্বান জনায়।