ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত কাইলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক স্বীকৃতিপত্র আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব। সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকী এই সন্মান গ্রহণৰ বাবে ইতিমধ্যে ফ্রান্সলৈ ৰাওনা হৈছে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউয়ে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিছে। এই স্বীকৃতি লাভব ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।
Site Admin | January 12, 2025 11:56 AM | Charideo
ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত সোমবাৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক স্বীকৃতিপত্র আনুষ্ঠানিকভাৱে প্ৰদান কৰিব
