ডাউনলোড
মোবাইল এপ

android apple
signal

June 7, 2025 10:22 AM | France Open

printer

ফ্রেন্স অ’পেন টেনিছ প্রতিযোগিতাত মহিলাৰ একক শাখাৰ বিজয়ী খিতাপ দখলৰ বাবে আৰিনা ছাবালেংকাই কোকো গ’ফৰ বিৰুদ্ধে খেলিব

ফ্রেন্স অ’পেন টেনিছ প্রতিযোগিতাত আজি সন্ধিয়া মহিলাৰ একক শাখাৰ বিজয়ী খিতাপ দখলৰ বাবে আৰিনা ছাবালেংকাই কোকো গ’ফৰ বিৰুদ্ধে খেলিব। বেলাৰুছৰ ছাবালেংকাই পোলেণ্ডৰ খেলুৱৈ তথা বিশ্বৰ পঞ্চম স্থানত থকা খেলুৱৈ ইগা শুইটেকক ৭-৬, ৪-৬, ৬-০ চেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকাৰ খেলুৱৈ গ’ফে ছেমিফাইনেলত ফ্ৰান্সৰ অছিড ল’ইছ বয়ছনক ৬-১, ৬-২ চেটত পৰাস্ত কৰে। পুৰুষৰ একক শাখাত বিশ্বৰ ১ নম্বৰ স্থানত থকা জানিক ছিনাৰে দুই নম্বৰ স্থানত থকা খেলুৱৈ কাৰ্লোছ আলকাৰাজৰ বিৰুদ্ধে খেলিব। ইটালীৰ ছিনাৰে ছাৰ্বিয়াৰ ন’ভাক জ’কভিচক ৬-৪, ৭-৫, ৭-৬ চেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইটালীৰ লৰেঞ্জো মুছেট্টিক পৰাস্ত কৰি স্পেইনৰ আলকাৰাজে ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগীতাত ইটালীৰ যুটি চাৰা এৰানি আৰু আন্দ্ৰেয়া ভাভাছ’ৰীয়ে ফাইনেলত আমেৰিকাৰ টেইলৰ টাউনচেণ্ড আৰু ইভান কিঙৰ যুটিটোক ৬-৪, ৬-২ চেটত পৰাস্ত কৰি মিক্সড ডাবলছৰ খিতাপ দখল কৰিছে।

অধিক পঢ়ক

সকলো চাওক