ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কাইলৈ নতুন দিল্লীত উপস্থিত হ’ব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী লুইছ আৰনেটা মাৰ্কোছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্রী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায় প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব। উল্লেখযোগ্য যে ফিলিপিনছৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমাৰ্কোছৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপিনছৰ ৰাষ্ট্ৰপতিগৰাকী দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। শ্রীমার্কোছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰেও ৰাষ্ট্ৰপতি মাৰ্কোছক সাক্ষাৎ কৰাৰ কথা। ফিলিপিনছলৈ উভতি যোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে বেংগালুৰুলৈ যাব। ভাৰত আৰু ফিলিপিনছৰ মাজত ১৯৪৯ চনতেই কূটনৈতিক সম্পর্ক গঢ় লৈ উঠিছিল। তেতিয়াৰে পৰা দেশ দুখনৰ মাজত ব্যৱসায়, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, সামুদ্রিক সহযোগিতা, কৃষি, স্বাস্থ্যসেৱা আৰু ডিজিটেল প্ৰযুক্তি আদি বিভিন্ন ক্ষেত্ৰত বন্ধুত্বপূর্ণ সম্পর্ক আছে। ভাৰতৰ আছিয়ানৰ সৈতে থকা সর্বাত্মক কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে ফিলিপিনছৰ সৈতে আঞ্চলিক পৰ্যায়ৰ বিভিন্ন ক্ষেত্ৰতো
বন্ধুত্বপূর্ণ সম্পর্ক আছে। এক্ট-ইষ্ট নীতি, মহাসাগৰ, ভাৰত-প্রশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত ফিলিপিনছৰ সৈতে থকা ভাৰতৰ সম্পৰ্ক এটা এৰাব নোৱাৰা বিষয়। ভাৰত-ফিলিপিনছৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ৭৫ বছৰীয়া হোৱা উপলক্ষে ৰাষ্ট্ৰপতি মাৰ্কোছ ভাৰত ভ্ৰমণলৈ আহিব। দ্বিপাক্ষিক সহযোগিতা আৰু পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ক্ষেত্ৰত থকা দেশ দুখনৰ মাজৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে মাৰ্কোছৰ ভাৰত ভ্ৰমণ নেতা দুগৰাকীৰ বাবে এটা সুন্দৰ সুযোগ।
Site Admin | August 3, 2025 7:47 PM | Philippines President Marcos Jr to Arrive in India Tomorrow on First State Visit
ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব