ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

■ নতুন দিল্লীৰ হায়দাবাদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভ্ৰমণৰত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনান্ড ৰোমুঅ’লডেজ মার্ক’ছ জুনিয়ৰৰ দ্বিপাক্ষিক বৈঠক চলি আছে। বিদেশ মন্ত্রালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত সভ্যতা, ইতিহাস আৰু জনসংযোগৰ জৰিয়তে ঘনিষ্ঠ সম্পর্ক আছে। ইযাৰ পূৰ্বে আজি ৰাজঘাটলৈ গৈ ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূর্বে আজি পুৱা শ্ৰী মাৰ্ক’ছক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক গার্ড অৱ অনাৰ প্ৰদান কৰে।

আজিৰ বৈঠকত উভয় দেশৰ মাজত থকা বিভিন্ন সম্পৰ্কৰ পৰ্যালোচনা কৰা হ’ব। ভাৰত আৰু ফিলিপিনছৰ মাজত থকা দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৩৫০ কোটি ইউ এছ ডলাৰ স্পৰ্শ কৰিছিল। ফিলিপিনছত তথ্য প্রযুক্তি, স্বাস্থ্য, বস্ত্র, আন্তঃগাঁথনি, কৃষি আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভালেমান ভাৰতীয় কোম্পানীয়ে চকুত লগা ধৰণে কাম কৰি আছে। দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাই দ্বিপাক্ষিক অংশীদাৰিত্ব যথেষ্ট গভীৰ কৰি তুলিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আশা প্ৰকাশ কৰে।
ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী লুইছ আৰানেটা মাৰ্কোছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্রী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায় প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো ভাৰতলৈ আহিছে। ফিলিপিনছৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমাৰ্কোছৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।
উভয় দেশৰ মাজত ১৯৪৯ চনৰ নৱেম্বৰত কূটনৈতিক সম্পর্ক গঢ় লৈ উঠিছিল। তেতিয়াৰে পৰা দেশ দুখনৰ মাজত ব্যৱসায়, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, সামুদ্রিক সহযোগিতা, কৃষি, স্বাস্থ্যসেৱা আৰু ডিজিটেল প্রযুক্তি আদি বিভিন্ন ক্ষেত্ৰত বন্ধুত্বপূর্ণ সম্পর্ক আছে। এক্ট-ইষ্ট নীতি, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি থকা দৃষ্টিভংগীৰ ক্ষেত্ৰত ফিলিপিনছৰ সৈতে ভাৰতৰ সম্পৰ্ক বিশেষভাৱে গুৰুত্বপূৰ্ণ। এই ভ্রমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা আৰু পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ক্ষেত্ৰত থকা সম্পৰ্কক অধিক শক্তিশালী কৰাৰ সুযোগ দিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।