ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখক প্রধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত এটা বার্তাযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে দিব্যা দেশমুখ ২০২৫ চনৰ ফিডে মহিলা বিশ্বকাপত জয়ী হোৱাৰ লগতে গ্ৰেণ্ড মাষ্টাৰো হৈছে। দিব্যাৰ সফলতাই যুৱক-যুৱতীসকলক প্ৰেৰণা দিব। যুৱ প্ৰজন্মৰ মাজত দবা খেল আৰু অধিক জনপ্ৰিয় হোৱাত দিব্যাৰ সফলতাই বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱেও দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ আপ কনেৰু হাম্পিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে ১৯ বছৰ বয়সত এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে বিবেচিত হোৱা দিব্যাৰ শলাগ লয়। শ্ৰীমতী মুৰ্মুৱে কনেৰু হাম্পিকো উন্নত প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই দুয়োগৰাকী খেলুৱৈয়ে ভৱিষ্যতেও দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে যুৱ প্ৰজন্মক অনুপ্রাণিত কৰিব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্রকাশ কৰে। উল্লেখযোগ্য যে জর্জিয়াৰ বাটুমিত কালি অনুষ্ঠিত ফিডে মহিলা বিশ্বকাপৰ ফাইনেলত দিব্যা দেশমুখে স্বদেশৰেই কনেৰু হাম্পিক পৰাভূত কৰি খিতাপ দখল কৰে। তিনিদিন ধৰি চলা খেলখনত দিব্যাই টাই ব্ৰেকাৰৰ সহায়ত ২.৫ – ১.৫ ফলাফলত তেওঁ জয়লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।