ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ফাঁচী বজাৰৰ সমীপত নির্মীয়মান গেটৱে অব গুৱাহাটী টার্মিনেলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটী ফাঁচী বজাৰৰ সমীপত নির্মীয়মান গুৱাহাটী প্রৱেশ পথ ঘাট অর্থাৎ গেটৱে অব গুৱাহাটী টার্মিনেলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।

পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে ঘাটটো শীঘ্ৰেই নিৰ্মাণ কৰি জনসাধাৰণৰ সুবিধাৰ বাবে এই ঘাটেৰে নদী পৰিবহন ব্যৱস্থা মুকলি কৰিবলৈ আভ্যন্তৰীণ জল পৰিবহন উন্নয়ন সমিতিক দিহা-পৰামৰ্শ দিয়ে।

মন্ত্ৰীগৰাকীয়ে এই সম্পর্কত কয় যে নির্মীয়মান গুৱাহাটীৰ প্ৰবেশ পথ ঘাটেৰে ভ্ৰমণ কৰা যাত্ৰীসকলে পূৰ্বৰ তুলনাত সূচলভাৱে যাতায়ত কৰিবলৈ সক্ষম হ’ব।