ফাঁচিবজাৰত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অভিযানত ৬৫০ খন মেচিনত বোৱা গামোচা জব্দ

বহাগ বিহুলৈ কেইটামান দিন বাকী থকা অৱস্থাত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে আজি ফাঁচিবজাৰত অভিযান চলাই ৬৫০ খন মেচিনত বোৱা গামোচা জব্দ কৰে। গুৱাহাটীৰ উপৰি ৰাজ্যৰ আন দুটা স্থানত চলোৱা অভিযানতো বহিঃৰাজ্যৰ পৰা অহা বৃহৎ পৰিমাণৰ গামোচা জব্দ কৰা বুলি জানিব পৰা গৈছে।