পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কমিটীয়ে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি নতুন দিল্লীত সাংবাদিকক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে দেশৰ সামাজিক গাঁথনি যাতে বিঘ্নিত নহয় সেই কথা বিবেচনা কৰি জৰীপৰ পৰিৱৰ্তে লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰা উচিত। এনে গণনাই সমাজৰ আৰ্থ-সামাজিক পৰিকাঠামো সুদৃঢ় কৰিব আৰু ৰাষ্ট্ৰৰ প্ৰগতি অব্যাহত থাকিব বুলি শ্রীবৈষ্ণৱে উল্লেখ কৰে।
বিৰোধী কংগ্ৰেছ দলক সমালোচনা কৰি শ্ৰী বৈষ্ণৱে কয়, যে বিৰোধী দল শাসিত চৰকাৰসমূহে সদায় জাতিগত পিয়লৰ বিৰোধিতা কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ২০১০ চনত তদানীন্তন প্রধানমন্ত্রী প্রয়াত ড° মনমোহন সিঙে মন্ত্রীসভাত জাতিগত পিয়লৰ বিষয়ে বিবেচনা কৰা হ’ব বুলি লোকসভাত আশ্বাস দিছিল আৰু বিষয়টো চালি-জাৰি চোৱাৰ বাবে এটা মন্ত্রীগোট গঠন কৰা হৈছিল। অধিকাংশ ৰাজনৈতিক দলে জাতিগত পিয়লৰ পৰামৰ্শ আগবঢ়োৱা সত্ত্বেও কংগ্ৰেছ চৰকাৰে জাতিগত পিয়লৰ পৰিৱৰ্তে অকল জৰীপ চলোৱাৰহে সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি শ্ৰী বৈষ্ণৱে উল্লেখ কৰে। তেওঁ লগতে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে জাতিগত পিয়লৰ বিষয়টো অকল ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ তোলে।