যোৱা ২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমগ্ৰ দেশৰ নাগৰিকসকল উপকৃত হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে বিভিন্ন বাহনৰ ওপৰত আৰোপিত কৰ কৰ্তন আৰু ব্যৱহাৰকাৰীসকলৰ বাবে আহ-যাহৰ সুবিধা সূচল কৰি যান-বাহন খণ্ডক সকাহ প্রদান কৰিছে। নতুন কৰ পৰিকাথামোৰ অধীনত ৩৫০ চিচি পর্যন্ত ইঞ্জিন বিশিষ্ট দুচকীয়া বাহনৰ ওপৰত আৰোপিত কৰ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্রাস কৰা হৈছে আৰু ইয়াৰ ফলত দুচকীয়া বাহনসমূহ অধিক বহনসাধ্য হৈ উঠিছে। দেশত ৰাজহুৱা পৰিবহন ব্যৱস্থা সূদৃঢ় কৰি তোলাৰ উদ্দেশ্যে চৰকাৰে ১০ গৰাকীতকৈ অধিক যাত্রী বহাৰ সুবিধা থকা বাছ আৰু মিনি বাছৰ ওপৰত আৰোপিত জি এছ টি পূৰ্বৰ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্রাস কৰিছে। একেদৰে ১২০০ চিচিতকৈ কম ক্ষমতা বিশিষ্ট পেট্রল চালিত আৰু ১৫০০ চিচিতকৈ কম ক্ষমতা বিশিষ্ট ডিজেল চালিত মটৰগাড়ীৰ ওপৰত আৰোপিত কৰ ১৮ শতাংশলৈ হ্রাস কৰা হৈছে।
Site Admin | October 26, 2025 8:49 PM | Next-Gen GST Car price get cheaper
পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে বিভিন্ন বাহনৰ ওপৰত আৰোপিত কৰ কৰ্তনৰে যান-বাহন খণ্ডক সকাহ প্রদান কৰিছে