ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 21, 2025 7:00 PM | Next Gen GST

printer

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে যান-বাহন খণ্ডৰ বাবে যথেষ্ট কৰ সকাহৰ ঘোষণা কৰিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জি এছ টি অর্থাৎ সামগ্রী আৰু সেৱা কৰ সঞ্চয় উৎসৱ যোৱা ২২ ছেপ্তেম্বৰত আৰম্ভ হৈছে। ইয়াৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক লাভান্বিত হৈছে। দেশৰ যান-বাহন খণ্ডৰ সুদৃঢ়কৰণৰ ক্ষেত্ৰত জি এছ টি সংস্কাৰৰ সুফল দেখিবলৈ পোৱা গৈছে।

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে যান-বাহন খণ্ডৰ বাবে যথেষ্ট কৰ সকাহৰ ঘোষণা কৰিছে। কৰৰ নতুন গাঁথনি অনুসৰি ১৮০০ চি চিতকৈ কম ক্ষমতাযুক্ত ইঞ্জিন বিশিষ্ট টেক্টৰৰ ওপৰত ৫ আৰু ১৮০০ চি চিতকৈ অধিক ক্ষমতাযুক্ত ইঞ্জিনৰ টেক্টৰৰ ক্ষেত্ৰত ১৮ শতাংশ কৰ আৰোপ কৰা হৈছে। টায়াৰ আৰু গিয়াৰৰ দৰে টেক্টৰ নিৰ্মাণত ব্যৱহৃত যন্ত্রাংশৰ ওপৰত আৰোপিত কৰ ৫ শতাংশলৈ হ্রাস কৰা হৈছে। বাছ আৰু ট্রাক তথা ডেলিভাৰী বাহনকে ধৰি বাণিজ্যিক সামগ্ৰী পৰিবহণ বাহনৰ ওপৰত আৰোপিত কৰো ১৮ শতাংশলৈ হ্রাস কৰা হৈছে। ইয়াৰ পূৰ্বে এনে বাহনসমূহৰ ক্ষেত্ৰত ২৮ শতাংশ কৰ আৰোপ কৰা হৈছিল। চৰকাৰে লগতে মটৰ গাড়ী আৰু বাইক নিৰ্মাণৰ বাবে ব্যৱহৃত যন্ত্রাংশৰ ক্ষেত্ৰত আৰোপিত কৰ ১৮ শতাংশলৈ কম কৰিছে। একেদৰে বাইক আৰু সৰু গাড়ীৰ ওপৰত আৰোপিত কৰো ১০ শতাংশলৈ হ্রাস কৰা হৈছে। কৰৰ হাৰ হ্ৰাস কৰাৰ ফলত এলে বাহনসমূহ বহনসাধ্য হৈ পৰিছে আৰু বাহন আৰু যন্ত্রাংশ সমূহৰ চাহিদাও বৃদ্ধি পাইছে। বাহনসমূহৰ কৰ যুক্তিসংগত কৰাৰ ফলত পৰিবহণ ব্যয় হ্রাস পাইছে আৰু ৰপ্তানিৰ ক্ষেত্ৰখন অধিক প্রতিযোগিতামূলক হৈ উঠিছে।