ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 21, 2025 10:55 AM | Next Gen GST

printer

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ জৰিয়তে চৰকাৰে ষ্টেচনাৰী সামগ্ৰীসমূহত কৰ ৰেহাই ঘোষণা ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে উপকৃত হৈছে

দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুবিধা হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২২ ছেপ্তেম্বৰত জি এছ টি সঞ্চয় উৎসৱৰ ঘোষণা কৰিছিল। জি এছ টি সংস্কাৰৰ পাছত ষ্টেচনাৰী সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাত সাধাৰণ শ্ৰেণীৰ লোক বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল কিদৰে উপকৃত হৈছে সেই সন্দৰ্ভত আজি আলোকপাত কৰিবলৈ লোৱা হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ জৰিয়তে চৰকাৰে ষ্টেচনাৰী সামগ্ৰীসমূহত কৰ ৰেহাই ঘোষণা কৰিছে। ইয়াৰ ফলত পেন্সিল, ছাৰ্পনাৰ, ৰং পেন্সিল, বহী, মানচিত্ৰ আদিৰ কৰ ৰেহাই দিয়া হৈছে। এই সামগ্ৰীসমূহত প্ৰথম অৱস্থাত ১২ শতাংশ কৰ আৰোপ কৰা হৈছিল। একেদৰে ৰৱৰত থকা পূৰ্বৰ ৫ শতাংশ কৰ হ্ৰাস কৰি কৰমুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে প্রয়োজনীয় সামগ্ৰীসমূহ সাধাৰণ শ্ৰেণীৰ লোকে ক্রয় কৰিব পৰাৰ সুবিধা প্ৰদান কৰা হৈছে।