পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে ভাৰতৰ পৰোক্ষ কৰ ব্যৱস্থা সৰলীকৰণৰ দিশত গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে। যোৱা ২২ ছেপ্তেম্বৰত এই নতুন ব্যৱস্থা ৰূপায়ণ কৰা হৈছে আৰু জনসাধাৰণে বর্তমান জি এছ টি সংস্কাৰৰ সুবিধা লাভ কৰিবলৈ সমৰ্থ হৈছে। এই নতুন ব্যৱস্থাৰ অধীনত জি এছ টি পৰিষদে পূর্বৰ ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ জি এছ টিৰ সৰলীকৰণ কৰি ইয়াক বর্তমান ৫ আৰু ১৮ শতাংশ কৰিছে। সামগ্রী আৰু সেৱাব বিস্তৃত ক্ষেত্ৰত কৰৰ বোজা হ্ৰাস কৰাৰ জৰিয়তে জনসাধাৰণক যথেষ্ট সকাহ প্ৰদান কৰা হৈছে।
চৰকাৰে পৰৱর্তী প্রজন্মৰ জি এছ টি সংস্কাৰৰ জৰিয়তে কেতবোৰ খাদ্য সামগ্ৰীৰ কৰৰ হাৰ হ্ৰাস কৰি জনসাধাৰণক সকাহ দিয়াৰ প্ৰয়াস কৰিছে। এই অনুসৰি পিজ্জা, ব্ৰেড, খাখৰা আৰু চাপাটিত থকা জি এছ টি পূৰ্বৰ ৫ শতাংশৰ পৰা বৰ্তমান সম্পূৰ্ণৰূপে কৰমুক্ত কৰা হৈছে। একেদৰে পৰঠা আৰু পাৰোতাৰ পৰাও পূৰ্বৰ ১৮ শতাংশ জি এছ টি বর্তমান সম্পূৰ্ণৰূপে ৰাহি কৰা হৈছে। তদুপৰি চচ আৰু মেয়নিজৰ দৰে সামগ্ৰীৰ জি এছ টি ১২ৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰিছে। জনসাধাৰণৰ দৈনন্দিন ব্যয় ৰাহি কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা লোৱা হৈছে। জনসাধাৰণক সুলভ খাদ্য, দৈনিক পৰিপুষ্টি নিশ্চিত কৰাৰ উপৰি পৰিয়ালসমূহক আর্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে এই ব্যৱস্থা লোৱা হৈছে।
Site Admin | September 29, 2025 10:16 AM | Next Gen GST
পৰৱর্তী প্রজন্মৰ জি এছ টি সংস্কাৰৰ জৰিয়তে কেতবোৰ খাদ্য সামগ্ৰীৰ কৰ হ্ৰাস কৰি জনসাধাৰণক সকাহ দিয়াৰ প্ৰয়াস চৰকাৰৰ
