ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় ৰে’লৱেৰ ৰাজস্থানৰ ৰাণা প্রতাপ নগৰ আৰু কামাখ্যাৰ মাজত ভাৰত গৌৰৱ বিশেষ ৰে’ল

পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় ৰে’লৱে ৰাজস্থানৰ ৰাণা প্রতাপ নগৰ আৰু কামাখ্যাৰ মাজত এখন ভাৰত গৌৰৱ বিশেষ ৰে’ল চলাচল কৰাইছে। কালি ৰাণা প্রতাপ নগৰৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে’লগাড়ীখন কাইলৈ দুপৰীয়া ২-২৫ মিনিটত কামাখ্যা ষ্টেচনত উপস্থিত হ’ব। ৰে’লখনত অহা পর্যটকসকলে বিভিন্ন স্থান ভ্ৰমণ কৰিব পৰাকৈ দুদিন বিৰতি লৈ ৭ জানুৱাৰীৰ বিয়লি ৫-১৫ মিনিটত কামাখ্যাৰ পৰা প্ৰস্থান কৰিব। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই এটা প্ৰেছ বিজ্ঞপ্তি যোগেপ্ৰকাশ কৰা মতে ভাৰতৰ সাংস্কৃতিক বৈচিত্র্য উদযাপনেৰে অনন্য ভ্রমণ অভিজ্ঞতা প্ৰদান কৰাই হৈছে এই ভাৰত গৌৰৱ বিশেষ ৰে’ল চলাচলৰ উদ্দেশ্যে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।