ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পৰোক্ষ কৰ ব্যৱস্থাত ৫%, ১২%, ১৮% আৰু ২৮% জি এছ টিত অনুমোদন জি এছ টি পৰিষদৰ

লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত দীপাৱলীৰ পৰাই দেশত জি এছ টি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হ’ব বুলি ঘোষণা কৰিছিল। প্রধানমন্ত্রী শ্রীমোদীয়ে অধিক কাৰ্যক্ষম আৰু নাগৰিক অনুকূল অর্থনীতি গঢ়াৰ লক্ষ্যৰে যোৱা পৰহিৰ পৰা জি এছ টি পৰিষদে সাধাৰণ মানুহৰ সুবিধাৰ অৰ্থে জি এছ টিৰ হাৰ সংস্কাৰত অনুমোদন জনায়। পৰিষদে পৰোক্ষ কৰ ব্যৱস্থাত ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ জি এছ টিত অনুমোদন জনায়। ধঁপাত আৰু বিলাসী সামগ্ৰী আৰু নিৰ্বাচিত কিছু সামগ্ৰীৰ ক্ষেত্ৰত ৪০ শতাংশ অতিৰিক্ত কৰ আৰোপ কৰা হৈছে। এই সংস্কাৰসমূহে জনসাধাৰণক যথেষ্ট সহায় কৰিব। শিক্ষা খণ্ডৰ বিভিন্ন সামগ্ৰীতো সংস্কাৰ সাধন কৰা হৈছে।

আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামগ্ৰী আৰু সেৱাকৰ জি এছ টি ব্যৱস্থাৰ যুক্তিসংগতকৰণক স্বাধীনতা লাভৰ পাছৰে পৰা সৰ্ববৃহৎ সংস্কাৰ বুলি অভিহিত কৰিছে। নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপক শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এই পদক্ষেপে বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰি আৰু ৰুটি আৰু জীৱনৰক্ষী ঔষধৰ ওপৰত আৰোপিত কৰ বিলুপ্ত কৰি মধ্যবিত্তক আর্থিকভাৱে সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্রধানমন্ত্রীয়ে কয়, যে ২২ ছেপ্তেম্বৰত নৱৰাত্ৰিৰ প্ৰথম দিনৰ পৰাই এই দুতৰপীয়া কৰ ব্যৱস্থা প্ৰযোজ্য হ’ব আৰু ইয়াৰ সুবাদত এইবেলি ধনতেৰছ অধিক সজীৱ হৈ উঠিব।