ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত চন্দ্ৰপ্ৰভা নামৰ নাটখন মঞ্চস্থ

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি সামৰণি সন্ধিয়া নাট্যকাৰ সপোনজ্যোতি ঠাকুৰৰ ৰচনা আৰু সীমান্ত ফুকনৰ পৰিচালনাৰে ডেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা নাটখন মঞ্চস্থ কৰিছে। বিয়লি ৫ বজাত নাটকখনৰ প্ৰথম দৰ্শনী হৈছে আৰু সন্ধিয়া চাৰে ৭ বজাত দ্বিতীয় দৰ্শনীৰ নাট মঞ্চস্থ হ’ব।
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত কালি কৰুণা ডেকা ৰচিত আৰু গুণাকৰ দেৱ গোস্বামী পৰিচালিত নাট অম্বিকাগিৰী অনির্বাপিত একুৰা জুই মঞ্চস্থ কৰা হয়। গুৱাহাটীৰ পূৰ্বৰংগ গোষ্ঠীয়ে পৰিবেশন কৰা এই নাটখনত স্বাধীনতা সংগ্ৰামীৰূপে অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিপ্লৱী চেতনা আৰু বীৰগাথাক সুন্দৰভাৱে মঞ্চস্থ কৰা হয়। কালিৰ নাট্যনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, নৃত্যাচাৰ্য্য যতীন গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।