পহিলা মাঘ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, নামঘৰ আৰু অন্য ধৰ্মীয় উপাসনাস্থলীসমূহত অগণন লোকৰ সমাগম হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাঘৰ প্ৰথম দিন উপলক্ষে আজি নামনি অসমৰ বিভিন্ন ঠাইত মাঘৰ বিশেষ সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। নগাঁও জিলাৰ নেহৰুবালিত কালিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ১১৩ সংখ্যক ভোগালী বিহু উৎসৱৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচন, জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা আৰু শিশুসকলৰ মাজত চিত্রাংকনৰ লগতে বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। শিৱসাগৰত টাই আহোম যুৱ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত ৰংপুৰৰ বাকৰিত ৰংপুৰ মেলা অনুষ্ঠিত হৈছে। আহোম ৰাজত্বৰ স্মৃতি আৰু সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী অটুট ৰখাৰ উদ্দেশ্যৰে ২০১১ চনৰ পৰা মাঘ মাহৰ প্ৰথম দিনটোত এই মেলাৰ আয়োজন কৰা হয়। এই মেলাত ৰছী টনা, পিচল খুঁটাত বগোৱা, কড়ী খেলকে ধৰি পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয়। শিৱসাগৰ আৰক্ষী ছাউনীতো আজি কৰ্তব্যৰত আৰক্ষীসকলে কামৰ দায়বদ্ধতাৰ মাজতে পৰম্পৰাগত ৰীতি-নীতি পালন কৰি ভোগালী বিহুৰ উছাহত অংশগ্ৰহণ কৰে। একেদৰে ডিব্ৰুগড় জিলাতো বিপুল উৎসাহেৰে মাঘ বিহু পালন কৰা হয়। জিলাখনৰ মটক জনগোষ্ঠীৰ প্ৰধান অঞ্চলসমূহত জনগোষ্ঠীটোৰ পৰম্পৰা অনুযায়ী কালি দিনৰ ভাগত ৰাজহুৱা ভোজৰ আয়োজন কৰা হয়। আজি জিলাখনৰ ক্ষেত্ৰ বিশেষে বুঢ়ামেজি বা মতামেজি জ্বলোৱা হয়। বৰপেটা জিলাৰ চেঙাৰ ঐতিহ্যমণ্ডিত সভা মহোৎসৱ ৯৩ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে। একেদৰে নলবাৰী জিলাৰ হাৰিভাঙাতো সভা মহোৎসৱ উলহ-মালহেৰে আয়োজন কৰা হৈছে। বাক্সা জিলাৰ কাৰহানাৰ শ্ৰীশ্ৰীকৃষ্ণ সত্ৰতো কালিৰে পৰা চাৰিদিনীয়াকৈ মাঘ সভা মহোৎসৱ অনুষ্ঠিত হৈছে। এই উপলক্ষে আজি ভাগৱত ভ্ৰমণ, আজ বন্দনা নাম-প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বজালীৰ ঐতিহাসিক শ্ৰীশ্ৰী ভোগেশ্বৰ মন্দিৰত এইবেলি ৩০১ সংখ্যক মাঘী সভা মহোৎসৱ পালন কৰা হৈছে। মন্দিৰ পৰিচালনা সমিতিয়ে আজি পুৱা ৫ বজাৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱৰ দ্বাৰ মুকলি কৰে। হিন্দু-মুছলমান আৰু বৌদ্ধ ধৰ্মৰ ত্রিবেণীসংগম ৰূপে খ্যাত কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোত আজি পহিলা মাঘ উপলক্ষে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত মণিকূট উৎসৱ অনুষ্ঠিত কৰা হয়। জাতি-ধর্ম নির্বিশেষে বহুসংখ্যক লোকে পোৱামক্কা দৰগাহ শ্বৰীফৰ পৰা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ উলিওৱা সমন্বয় শোভাযাত্রাত অংশগ্ৰহণ কৰে। এই উৎসৱত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে বহুকেইগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে।
একেদৰে গুৱাহাটী মহানগৰীৰ ধৰ্মীয় স্থানসমূহতো অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হয়। কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ, বালাজী মন্দিৰ, দৌলগোবিন্দ মন্দিৰ, উমানন্দ, শুক্ৰেশ্বৰ দেৱালয়কে ধৰি ধৰ্মীয় স্থানসমূহত আজি পুৱাৰে পৰা বহুলোকৰ সমাগম ঘটে।
উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰংমহলত মাঘ বিহু উপলক্ষে কাবাডী, ৰছি টনা, দৌৰ, টেকেলি ভঙা, মিঠাতেল সানি কলগছত উঠাৰ দৰে প্ৰীতিমূলক খেল-ধেমালিৰ আয়োজন কৰা হয়।