■ সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষা প্ৰতিষ্ঠানত আজি পুৱাৰে পৰা বাগদেৱীৰ পূজা অৰ্চনা কৰা হৈছে। ধৰ্মীয় ৰীতি-নীতিৰে মা সৰস্বতীক আকর্ষণীয়কৈ সজাই বেদীত প্ৰতিষ্ঠা কৰি জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত ছাত্ৰ-ছাত্ৰীসকলে আশীষ গ্ৰহণ কৰিছে।
গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষা প্রতিষ্ঠান তথা বিভিন্ন আবাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। সৰস্বতী পূজা উপলক্ষ্যে ছাত্র-ছাত্রীসকলে উৎসাহ-উদ্দীপনাৰে বিভিন্ন ৰঙৰ পোছাক পৰিধান কৰাত গুৱাহাটী মহানগৰীৰ বাট-পথসমূহ ৰঙীন হৈ পৰিছে।
সৰস্বতী পূজা উপলক্ষে আজি ছাত্ৰ-ছাত্ৰীসকলে নানাৰঙী সাজ-পোছাক পৰিধান কৰি দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ অসম জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আদিত আজি ছাত্ৰ-ছাত্ৰীৰ লগতে আন ভক্তিপ্ৰাণ ৰাইজৰো সমাগম হোৱা দেখা গৈছে। সৰস্বতী পূজা উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। আকাশবাণী গুৱাহাটীৰ আৱাসিক চৌহদতো পৰম্পৰাগত ৰীতি-নীতিৰে সৰস্বতী পূজা উদযাপন কৰা হৈছে ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তেজপুৰ, দৰং, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, তামুলপুৰ, দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, শিলচৰ, শ্রীভূমি আৰু আন জিলাকেইখনতো আজি বাগদেৱীৰ পূজা যথাবিহিত কাৰ্যসূচীৰে পালন কৰা বুলি আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে জনাইছে।
Site Admin | January 23, 2026 5:02 PM | Akashvani | Akashvani Guwahati | Local news | Saraswati Puja
পৰম্পৰাগত ৰীতি-নীতিৰে সমগ্ৰ ৰাজ্যতে সৰস্বতীৰ পূজা উদযাপন