ডাউনলোড
মোবাইল এপ

android apple
signal

পৰনিৰ্ভৰশীলতা ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ

পৰনিৰ্ভৰশীলতা হৈছে ভাৰতৰ সবাতোকৈ ডাঙৰ শত্ৰু আৰু আমাৰ দেশে বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতা অতিক্ৰম কৰিব লাগিব। প্রধানমন্ত্রী শ্রীমোদীয়ে কালি গুজৰাটৰ ভাব নগৰত অনুষ্ঠিত সমুদ্র সে সমৃদ্ধি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়। আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে ছেমিকণ্ডাক্টৰৰ পৰা জাহাজ নির্মাণলৈ সকলো খণ্ডতে ঘৰুৱা উৎপাদনশীলতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে ১৪০ কোটি ভাৰতীয়ৰ ভৱিষ্যত বিদেশী শক্তিৰ ওচৰত যিদৰে এৰি দিব নোৱাৰি, সেইদৰে ৰাষ্ট্ৰৰ উন্নয়নৰ ক্ষেত্ৰতো পৰৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি। সকলো ধৰণৰ সমস্যাৰ এটাই সমাধান সেয়া হৈছে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলা বুলি মত প্ৰকাশ কৰে। শ্ৰীমোদীয়ে আৰু কয়, যে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰতে প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ লগতে পৰনিৰ্ভৰশীলতা হ্ৰাস আৰু প্ৰকৃত অৰ্থত আত্মনিৰ্ভৰশীল হ’ব লাগিব। শ্রীমোদীয়ে কয়, যে ২০৪৭ চনত এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ দেশে আত্মনিৰ্ভৰশীল হৈ উঠাৰ এয়াই উপযুক্ত সময়। গোলকীয় শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ দেশখন আত্মনিৰ্ভৰ হ’বই লাগিব বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে সামুদ্রিক মহাশক্তি হিচাপে দেশক গঢ়ি তুলিব বিচৰা চৰকাৰৰ দৃষ্টিভংগীক সফল কৰি তুলিবলৈ হ’লে ভাৰতে বিশ্বৰ সামুদ্রিক বাণিজ্যৰ ক্ষেত্ৰত ২০৪৭ চনৰ ভিতৰত নিজৰ অংশীদাৰিত্ব ৩ গুণ বৃদ্ধি কৰিব লাগিব। প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে দেশে এতিয়া সামুদ্রিক শক্তি হিচাপে নিজৰ উত্তৰাধিকাৰ পুনৰ উদ্ধাৰ কৰিবলৈ কঠোৰভাৱে কাম কৰিব লাগিব। তেওঁ কয়, যে ভাৰতৰ উপকূলীয় অঞ্চল সদায় সমৃদ্ধিৰ প্ৰতীক হৈ আহিছে আৰু ই দেশৰ ভৱিষ্যত বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য যে, বৰঙনি আগবঢ়াব। প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে ভাৰতৰ সামুদ্রিক ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ অব্যাহত আছে। তেওঁ ঘোষণা কৰে যে এই খণ্ডটোৱে অনতি পলমে এখন দেশ, এটা বন্দৰ পদ্ধতিক গ্ৰহণ কৰিব যাৰ জৰিয়তে সামুদ্রিক ব্যৱস্থাসমূহ সৰল কৰি তোলা হ’ব। ভাৰতৰ সামুদ্রিক খণ্ডক শক্তিশালী কৰাৰ উদ্দেশ্যে লোৱা ঐতিহাসিক সিদ্ধান্তৰ বিষয়ে সদৰী কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয়, যে এই ক্ষেত্ৰত বৃহৎ সংস্কাৰৰ নীতি গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয়, যে এতিয়াৰে পৰা জাহাজ নির্মাণ কোম্পানীসমূহে বেংকৰ পৰা ঋণ সহজতে লাভ কৰিব আৰু ইয়াৰ জৰিয়তে বিত্তীয় ক্ষেত্ৰত থকা বাধাসমূহ হ্ৰাস পাব। এই অনুষ্ঠানতে প্রধানমন্ত্রী শ্রীমোদীয়ে ৩২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ বহুমুখী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে ৭,৮০০ কোটি টকা ব্যয় সাপেক্ষ মুম্বাই আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেলৰ লগতে কেইবাটাও বৃহৎ সামুদ্রিক প্ৰকল্পৰ উদ্বোধন কৰে। এই কাৰ্যসূচীৰ এদিন পাছত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ সমীপৰ প্ৰাচীন চহৰ লুথালত ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদ ৪,৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে। সমগ্ৰ বিশ্বতে ভাৰতৰ সামুদ্রিক শক্তিৰ বিষয়ে অৱগত কৰোৱাই হৈছে এই ঐতিহ্য চৌহদ নিৰ্মাণৰ মূল লক্ষ্য। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্রীয়ে আকাশ মাৰ্গেৰে ধলেৰা স্মার্ট চিটী পৰিদৰ্শন কৰে।