অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৪,৫০০টা শিক্ষক পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ তালিকা পৰহিলৈ প্ৰকাশ পাব। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে আজি এই কথা ঘোষণা কৰিছে। তেওঁ লগতে প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া ২৮ জানুৱাৰীত আৰম্ভ হ’ব বুলি জানিবলৈ দিছে। ইয়াৰ বাবে প্ৰাৰ্থীসকলক প্ৰয়োজনীয় নথি-পত্ৰসমূহ সাজু কৰি ৰাখিবলৈ শিক্ষামন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে।
Site Admin | January 24, 2026 9:40 PM | Akashvani | Akashvani Guwahati | Assam Education
প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৪,৫০০টা শিক্ষক পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ তালিকা ২৬ জানুৱাৰীত প্ৰকাশ পাব