অন্তিম শয়নত ঢলি পৰা গীতৰ জ্যোতিষ্ক, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি ৰাজ্যৰ অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন কৰে। ৰাজ্যৰ সংগীত ক্ষেত্ৰত সুবৃহৎ ক্ষতৰ সৃষ্টি কৰি আকষ্মিকভাৱে আঁতৰি যোৱা জনতাৰ শিল্পী জুবিন গাৰ্গক অন্তিম বাৰৰ বাবে আজি পুৱা প্ৰায় চাৰে ৬ বজাত অসমভূমিলৈ লৈ অহাৰ পাছত অভূতপূৰ্ব জনসমাগমে শিল্পীগৰাকীক বাসগৃহলৈ লৈ আহে। বাসগৃহত পৰিয়ালৰ সদস্যসকলে শেষ শ্রদ্ধা জনোৱাৰ পাছত তেওঁৰ পাৰ্থিৱ শৰীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত গুণমুগ্ধসকলৰ শেষ দৰ্শনৰ বাবে ৰখা হয়। জনসাধাৰণে ধাৰাসাৰ বৰষুণকো নেওচি, ভিৰ ঠেলি হিয়াৰ আমঠু শিল্পীগৰাকীক অন্তিম শ্রদ্ধা জ্ঞাপন কৰিছে। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্রদ্ধাঞ্জলি জনাব পৰাকৈ আজি গোটেই নিশা আৰু কাইলৈও ষ্টেডিয়াম খোলা থাকিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। অগণন জনতাৰ এই স্বতঃস্ফুর্ত আন্তৰিকতাত অভিভূত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শান্তি আৰু সংযমেৰে শিল্পীগৰাকীৰ শেষ যাত্ৰাৰ অংশ হ’বলৈ আহ্বান জনায়। ইপিনে, কিছু সময় পূর্বে মন্ত্রী কেশৱ মহন্ত আৰু ডাঃ ৰণোজ পেগুৱে এখন সংবাদমেলযোগে শিল্পীগৰাকীৰ শেষকৃত্যৰ স্থান সম্পৰ্কে অৱগত কৰে। মন্ত্ৰী ডাঃ পেগুৱে কয় যে জুবিন গাৰ্গৰ পিতৃৰ বয়স আৰু অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালে গুৱাহাটীৰ আশে-পাশে শেষকৃত্যৰ স্থান হোৱাটো কামনা কৰিছে আৰু সেয়েহে সোণাপুৰতে এই কাম সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। যোৰহাটবাসী ৰাইজে শিল্পীগৰাকীৰ শেষকৃত্যৰ বাবে দিয়া প্ৰস্তাৱৰ প্ৰতি পৰিয়ালে কৰযোৰে কৃতজ্ঞতা জ্ঞাপন কৰা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
শিল্পীগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপনৰ বাবে যোৱা অগণন অনুৰাগীৰ সুবিধা হোৱাকৈ আজি ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰখা হৈছে। উল্লেখযোগ্য যে আজি পুৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে শিল্পীগৰাকীৰ নশ্বৰদেহ গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অনাৰ পাছত অগণন জনতাৰ হুমুনিয়াহ আৰু চকুলোৰ মাজত প্ৰায় চাৰে ৬ ঘণ্টাজোৰা যাত্ৰাৰ অন্তত শিল্পীগৰাকীৰ নশ্বৰ দেহ কাহিলিপাৰালৈ লৈ যোৱা হয়।
ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰ বিশদ অনুসন্ধানৰ বাবে তেওঁ ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৰঙৰ সৈতে কথা পাতিছে বুলি জনাইছে।