December 25, 2025 11:03 AM | M Venkaya Naidu

printer

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুক নতুন দিল্লীৰ অটল স্মৃতি ন্যাস সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত

দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুক নতুন দিল্লীৰ অটল স্মৃতি ন্যাস সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এখন বৈঠকত কালি ন্যাসৰ প্ৰতিষ্ঠাপক সদস্য ৰাম বাহাদুৰ ৰায়ে অন্য সদস্যসকলৰ সৈতে আলোচনা কৰি সভাপতি পদৰ বাবে শ্রীনাইডুৰ নাম প্ৰস্তাৱ কৰে। শেহতীয়াকৈ দেহাৱসান ঘটা বিজয় কুমাৰ মালহোত্ৰাৰ ঠাইত শ্ৰীনাইডুক ন্যাসৰ সভাপতিৰ দায়িত্বভাৰ অৰ্পণ কৰা হয়। সভাপতি হিচাপে ন্যাসৰ পৰিচালনা সমিতিৰ সদস্যসকলক অন্তর্ভুক্ত কৰাৰ উপৰি কাৰ্যকৰী সমিতিৰ সৈতে আলোচনাৰ জৰিয়তে ন্যাসৰ পৰৱৰ্তী কাম-কাজ পৰিচালনা কৰাৰ দায়িত্বও শ্রীনাইডুক একেখন বৈঠকতে প্ৰদান কৰা হয়।