অসম চৰকাৰে বান সাহায্যৰ ক্ষীপ্ৰ আৰু সুচল বিতৰণৰ ক্ষেত্ৰত কিছু সংস্কাৰ সাধন কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ণৰ বাবে ৰাজহচক্ৰ পৰ্যায়ৰ এটা কৰ্মবাহিনী গঠন কৰা হৈছে যাতে দুর্যোগ সংঘটিত হোৱাৰ ১৫ দিনৰ ভিতৰতে পুনৰ সংস্থাপনৰ প্ৰস্তাৱ প্ৰস্তুত কৰি জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিব পাৰে। জনমুখী প্রশাসনিক সংস্কাৰৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তসকলক ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নিয়ম অনুসৰি বিনামূলীয়া খাদ্য-সাহাৰ্য্য, পুৰন সংস্থাপন অনুদান, কৃষি পশুপালন ইত্যাদিৰ ক্ষেত্ৰত ক্ষয়ক্ষতিৰ বাবে অনুদানকে ধৰি ধনৰ অনুমোদন আৰু বিতৰণ কৰাৰ বিত্তিয় ক্ষমতা অৰ্পণ কৰা হৈছে। জিলা আয়ুক্তসকলক প্রাকৃতিক দুর্যোগ সংঘটিত হোৱাৰ ৩০ দিনৰ ভিতৰত এনে অনুদান মঞ্জুৰ আৰু বিতৰণ কৰিবলৈ কোৱা হৈছে। আনহাতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ শিতানত অন্তর্ভুক্ত নোহোৱা যিকোনো সাহায্য বিতৰণৰ বাবে মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা জিলা আয়ুক্ত সকললৈ ১০ লাখ টকাৰ প্ৰাৰম্ভিক পুঁজি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
Site Admin | August 11, 2024 12:23 PM | Assam Govt Subdivisional working Force
প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ণৰ বাবে ৰাজ্য চৰকাৰৰ ৰাজহচক্ৰ পৰ্যায়ত কৰ্মবাহিনী গঠন