প্ৰাকৃতিক জলাশয় সংৰক্ষণৰ জৰিয়তে প্রাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিব পৰা যাব: মুখ্যমন্ত্ৰী

ৰাজ্য প্ৰশাসনে গোৱালপাৰা জিলাৰ হাচিলা বিলত শেহতীয়া উচ্ছেদ অভিযানৰ ফলত দীপৰ বিলতকৈও বৃহৎ এলেকা দখলমুক্ত কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ ফলত ৰাজ্যখনৰ প্ৰাকৃতিক জলাশয় সংৰক্ষণৰ জৰিয়তে প্রাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিব পৰা যাব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংবাদিকৰ সৈতে হোৱা কথা-
বতৰাত প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা হাচিলাবিলৰ ভূমিত ৬৬৭টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আহিছিল। উচ্ছেদ অভিযানৰ পূর্বে একাংশ পৰিয়ালে স্ব-ইচ্ছাই সেই স্থান ত্যাগ কৰে যদিও বাকী থকা লোকসকলক প্রশাসনে ইতিমধ্যে উচ্ছেদ কৰিছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।