প্ৰস্তাৱনা যিকোনো সংবিধানৰ আত্মাস্বৰূপ আৰু ইয়াক সলনি কৰিব পৰা নাযায় বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এটা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ভাৰতৰ বাহিৰে আন কোনো সংবিধানৰ প্ৰস্তাৱনা সলনি কৰা হোৱা নাই। তেওঁ কয়, যে প্ৰস্তাৱনাৰ আধাৰত সংবিধান বিকশাই তোলা হয় যদিও জৰুৰীকালীন অৱস্থাত জনসাধাৰণ প্ৰায় পৰাধীন হৈ থকা সময়ত ভয়াবহভাৱে প্ৰস্তাৱনাত সলনি কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতাৰ দৰে শব্দ অন্তৰ্ভুক্ত কৰাটো সংবিধান প্ৰণেতাসকলৰ বিচাৰ ধাৰাৰ সৈতে বিশ্বাসঘাটক আছিল বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে এই কাৰ্য দেশৰ হাজাৰ হাজাৰ বছৰ পুৰণি সভ্যতাগত সম্পত্তি আৰু জ্ঞানক হেয় প্ৰতিপন্ন কৰাৰ বাহিৰে আন একো নহয়। বর্তমান সময়তো সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ বাৰ্তাৰ প্ৰাসংগিকতাৰ বিষয়ে আলোকপাত কৰি শ্রী ধনখড়ে কয়, যে আম্বেদকাৰ জনসাধাৰণৰ হৃদয়ত আছে আৰু সাম্প্ৰতিক সময়তো দেশবাসীৰ বাবে তেওঁৰ বাৰ্তাৰ প্ৰাসংগিকতা অক্ষুণ্ণ আছে।
Site Admin | June 29, 2025 11:21 AM | Jagdeep Dhankhar
প্ৰস্তাৱনা যিকোনো সংবিধানৰ আত্মাস্বৰূপ আৰু ইয়াক সলনি কৰিব পৰা নাযায় বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ প্ৰকাশ
