ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰসিদ্ধ নৃত্যশিল্পী ড° সোণাল মানসিঙলৈ ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা

ৰাজ্য চৰকাৰে ২০২৩ বৰ্ষৰ বাবে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰসিদ্ধ নৃত্যশিল্পী ড° সোণাল মানসিঙলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতীয় শাস্ত্রীয় নৃত্যশিল্পী ড° মানসিং ভাৰত নাট্যম আৰু ওডিচি নৃত্য শিল্পীৰ গুৰু। মুম্বাইত ১৯৪৪ চনত জন্মগ্ৰহণ কৰা মানসিঙে ১৯৬২ চনৰ পৰা নৃত্যৰ অনুশীলন আৰম্ভ কৰে। মুম্বাইত আৰংগাত্ৰমৰ পাছত তেওঁ ১৯৭৭ চনত নতুন দিল্লীত চেণ্টাৰ ফৰ ইণ্ডিয়ান ক্লাচিকেল ডান্স নামৰ অনুষ্ঠানটো প্ৰতিষ্ঠা কৰে। ১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰা ড° মানসিঙক কেন্দ্ৰীয় চৰকাৰে ১৯৯২ চনত পদ্মভূষণেৰে সন্মানিত কৰে। ৰাজ্য চৰকাৰে প্ৰদান কৰি অহা শ্ৰীমন্ত শংকৰদেৱ বঁটাত আছে – ৫০ লাখ টকা, এটা সোণৰ পদক আৰু এখন প্রশস্তি পত্র। নৱেম্বৰ মাহত ৰাজ্যত আয়োজিত হ’বলগীয়া এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক

সকলো চাওক