ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন

আজি প্ৰয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ ওপজা দিন। সুললিত কণ্ঠৰে অসমীয়া সংগীত জগতলৈ অনন্য বৰঙনি আগবঢ়াই যোৱা শিল্পীগৰাকীৰ ওপজা দিনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই কয়, যে সুৰ বাহিনীৰ স্ৰষ্টা, গণশিল্পী জয়ন্ত হাজৰিকাৰ যাদুকৰী কণ্ঠ আৰু সংগীত প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব। প্ৰখ্যাত গায়ক জয়ন্ত হাজৰিকাই ১৯৪৩ চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্ৰহণ কৰিছিল। মাত্র ৩৪ বছৰ বয়সতে ১৯৭৭ চনত মৃত্যুক আঁকোৱালি লোৱা জয়ন্ত হাজৰিকাই অসমীয়া সংগীত জগতত অন্য এটা ধাৰাৰ সৃষ্টি কৰিছিল। অসামান্য প্ৰতিভাৰ অধিকাৰী জয়ন্ত হাজৰিকাই বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধর্মকায়, নতুন আশা আদি বোলছবিত স্বকীয়ভাৱে সংগীত পৰিচালনা কৰিছিল।