ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত আজি প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বিশ্বাস আৰু সংৰক্ষণৰ প্ৰতীক ৰূপে ডাউক প্ৰজাতিৰ ইণ্ডিয়ান স্কীমাৰ নামৰ চৰাইবিধক এই উৎসৱৰ শুভংকৰ ৰূপে বাচনি কৰা হৈছে। উত্তৰ প্ৰদেশৰ গংগা, যমুনা আৰু সম্বল নদীত এই প্ৰজাতিবিধৰ প্ৰায় এহেজাৰটা চৰাই আছে। এই চৰাইবিধে নদী পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মহাকুম্ভত এই উৎসৱৰ জৰিয়তে বিশ্বাস আৰু প্ৰকৃতি সংৰক্ষণৰ এক অনন্য বাৰ্তা দিব বিচৰা হৈছে। এই উৎসৱৰ নডেল বিষয়া ললিত বার্মাই কয়, যে এই চৰাইবিধৰ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ইয়াক শুভংকৰ ৰূপে বাচনি কৰা হৈছে। এই উৎসৱৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰি তেওঁ কয়, যে পক্ষী উৎসৱ প্ৰকৃতাৰ্থত ব্যতিক্রমী পদক্ষেপ ৰূপে পৰিগণিত হ’ব। আনহাতে মহাকুম্ভত আজি কুম্ভৰ আস্থা আৰু জলবায়ু পৰিৱৰ্তন শীৰ্ষক এখন জলবায়ু সন্মিলনৰ আয়োজন কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে এই সন্মিলনখন মুকলি কৰিব।